গোলাঘাট নগৰত বোমা বিচাৰি সকলো চলাথ আৰক্ষীৰ - ULFA I Bomb plan - ULFA I BOMB PLAN
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-08-2024/640-480-22213715-thumbnail-16x9-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 15, 2024, 5:08 PM IST
গোলাঘাট, 15 আগষ্ট: আজি দেশৰ ৭৮ সংখ্যাক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাতো উলহ-মালহেৰ উদযাপন কৰা হৈছে এই স্বাধীনতা দিৱস । কিন্তু তাৰ মাজতে বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ই জাৰি কৰা এক বিবৃতিক লৈ এতিয়া সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত তোলপাৰ লাগিছে ।
বিবৃতিত উল্লেখ কৰা অনুসৰি সমগ্ৰ অসমৰ লগতে গোলাঘাট আৰু সৰুপথাৰত দুটা স্থানত বোমা সংস্থাপনৰ উল্লেখ কৰা হৈছে ৷ কিন্তু গোলাঘাট জিলাত বোমা সংস্থাপন কৰা স্থান দুটা নিৰূপণ কৰিব পৰা নগ'ল বুলি উল্লেখ কৰে বিবৃতিটোত । তাৰ পাছতে গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত বোমা বিচাৰি চলাথ কৰিছে জিলা প্ৰশাসনে । গোলাঘাট নগৰৰ আদালতৰ সন্মুখত, অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান, ৰে’লৱে ষ্টেচন, মহকুমা বিষয়াৰ কাৰ্যালয়, বাছ আস্থানত বোমা বিচাৰি আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে । একপ্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে গোলাঘাটত ।
লগতে পঢ়ক: লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans