চৰাইদেউত চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহনন আৰক্ষী বেটালিয়নৰ - POLICE BATTALION COMMITS SUICIDE

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 9:59 AM IST

thumbnail
চৰাইদেউত সংঘটিত চাঞ্চল্যকৰ ঘটনা (ETV Bharat Assam)

মৰাণ, 6 আগষ্ট : চৰাইদেউত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ এগৰাকী আৰক্ষী বেটালিয়নৰ ৷ চৰাইদেউৰ সোণাৰিৰ কানুবাৰীস্থিত বেটালিয়ন কেম্পত আত্মহত্যা কৰা এগৰাকী বেটালিয়নৰ এনে কাণ্ডই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰা অসম আৰক্ষীৰ বেটালিয়নগৰাকী হৈছে পুলিন চন্দ্ৰ দাস ৷ অসম-নাগালেণ্ড সীমান্তৰ কানুবাৰী বাগিচাৰ বেটালিয়ন কেম্পত কৰ্মৰত আছিল পুলিন চন্দ্ৰ দাস ৷ মঙলবাৰে পুৱতি নিশা আত্মহত্যা কৰে অসম আৰক্ষীৰ বেটালিয়নগৰাকীয়ে ৷ মৃত বেটালিয়নগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত ৷ কি কাৰণত দাসে আত্মহত্যাৰ দৰে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

ঘটনাৰ পাচতে আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ এই ঘটনাটো পোহৰলৈ অহাৰ পাচতে কানুবাৰীস্থিত বেটালিয়ন কেম্পলৈ পৰিয়ালৰ লোক আহি আছে বুলি জানিব পৰা গৈছে ৷ কানুবাৰীস্থিত বেটালিয়ন কেম্পৰ ভিতৰতে সংঘটিত হোৱা এই ঘটনাক লৈ অৱশ্যে আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.