আমাক এখন দলং লাগে শ্ল'গানেৰে উত্তাল ভগামূৰৰ বুঢ়ীদিহিঙৰ পাৰ - Public Protest - PUBLIC PROTEST
🎬 Watch Now: Feature Video


Published : May 24, 2024, 3:45 PM IST
মৰাণ, 24 মে’ : বুঢ়ীদিহিঙৰ ওপৰত এখন দলং বিচাৰি অৰ্ধ শতাধিক লোকৰ প্ৰতিবাদ ৷ “আমাক এখন দলং লাগে” শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ডিব্ৰুগড় ভগামূৰৰ বুঢ়ীদিহিঙৰ পাৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দলং বিচাৰি দাবী জনালে ৰাইজে ৷ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলেও “মামা আমাক এখন দলং লাগে” বুলি বুঢ়ীদিহিঙৰ পাৰত শ্ল'গান দিয়ে ৷
উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ভগামূৰ, ভগামূৰ তিনিআলি, ভগামূৰ ব্লক গাঁও, আহোম গাঁও, ৰায় গাঁও, বালিগাঁৱকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ খোৱাঙৰ সৈতে যোগাযোগ স্থাপনৰ বাবে নাই কোনো পথ ৷ প্ৰায় 20 কিলোমিটাৰ পথ অতিক্ৰম কৰি খোৱাং মহাবিদ্যালয়, চিকিৎসালয় আৰু বজাৰ-হাট কৰিবলৈ যাব লগা হয় ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ ৷ খোৱাং আৰু ভগামূৰৰ মাজত হেঙাৰ হিচাপে আছে বুঢ়ীদিহিং নদী ৷ যাৰ বাবে বুঢ়ীদিহিঙৰ ওপৰত এখন দলং প্ৰয়োজনবোধ কৰিছে ৰাইজে ৷ সেয়ে ৰাইজ ওলাই আহি দলং লাগে শ্ল'গান দি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছে ৷
লগতে পঢ়ক : গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ; তদন্তৰ দাবী নৈপৰীয়া ৰাইজৰ - Bokakhat River Erosion Project