মাকুমৰ টেঙাপানীৰ তৈলকূপত অঘটন, কথমপি ৰক্ষা পৰিল সমগ্ৰ অঞ্চল - মাকুম তৈলকূপ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2024/640-480-20699562-thumbnail-16x9-klxm.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 8, 2024, 4:15 PM IST
তিনিচুকীয়া, ৮ ফেব্ৰুৱাৰী : বুধবাৰে নিশা তিনিচুকীয়াৰ মাকুম নগৰৰ সমীপৰ টেঙাপানী অঞ্চলৰ ৪ নং তৈলকূপত সংঘটিত হয় এক অঘটন । দ্বীপ ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোত নিশাৰ ভাগত অইলৰ কাম কৰি থকা অৱস্থাতে পাইপৰ বিসংগতি ঘটি হঠাতে বিকট শব্দ সৃষ্টি হৈ নিৰ্গত হয় গেছৰ লগতে তৈল পদাৰ্থ ৷ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ।
পৰৱৰ্তী সময়ত অইলৰ কৰ্মচাৰীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । ফলত এক বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো ৷ স্বাভাৱিক অৱস্থালৈ আহে যদিও বাঘজানকাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । কাৰ গাফিলতিত এই ঘটনা সংঘটিত হ'বলৈ পালে তথ্য জানিবলৈ বিচৰাত দ্বীপ ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে যে পাইপৰ তিনিটা স্থানত আগৰেপৰা গেছ লিক হৈ আছিল ।
গেছ নিগৰি থকাৰ কথা দ্বীপ ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীয়ে অইল কৰ্তৃপক্ষক আগতেই জনাইছিল বুলিও অইলৰ এগৰাকী কর্মীয়ে জানিবলৈ দিয়ে । ইফালে অইল কৰ্তৃপক্ষই কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি দ্বীপ ইণ্ডাষ্ট্ৰীটোৰ কৰ্মচাৰীক দোষাৰোপ কৰিছে ৷
লগতে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে অস্থায়ী সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ