ৰঙিয়াত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য - Dumper Terror In Rangia
🎬 Watch Now: Feature Video
Published : Mar 17, 2024, 11:35 AM IST
ৰঙিয়া, ১৭ মাৰ্চ : ৰঙিয়াত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্য । ট্ৰেক্টৰ আৰু ডাম্পাৰ দেখিলেই ৰঙিয়াৰ জনসাধাৰণে যিয়ে যেনেকৈ পাৰে পলাবলৈ আৰম্ভ কৰে । কিয়নো ট্ৰেক্টৰ আৰু ডাম্পাৰ আহিলেই চাৰিওফালে সৃষ্টি হয় মৰুভূমি সদৃশ এক পৰিৱেশৰ । যাৰ ফলত ধূলিময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোতে । ধূলিময় পৰিৱেশৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বহু লোক ।
ঘৰৰ বাহিৰতে হওক অথবা ঘৰৰ ভিতৰত, কেৱল ধূলি আৰু ধূলি । উপায়বিহীন হৈ শনিবাৰে ৰঙিয়াৰ সাহানৰ ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ৰে'ল লাইন নিৰ্মাণৰ বাবে বালি কঢ়িওৱাৰ নামত প্ৰদূষণ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । ট্ৰেক্টৰ আৰু ডাম্পাৰৰ যাতায়ত বন্ধ কৰি দিয়ে শিশু, মহিলাসহ অঞ্চলটোৰ ৰাইজে । লগতে ৰে'ল পথ নিৰ্মাণৰ ফলত হোৱা ধূলি কমাবলৈ পানী চটিওৱা বাহনখনো দুই এদিন দেখুৱাই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰণ হাতীগাঁও চাহ বাগিচাৰ ৰাইজৰ