এম্বুলেন্স যোৱাত বাধা দি ৰোগীৰ প্ৰাণ ল’লে বন্যহস্তীয়ে - Death due to lack of treatment

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:38 PM IST

thumbnail
গজৰাজ হৈ পৰিল এগৰাকী ৰোগীৰ মৃত্যুৰ কাৰণ (ETV Bharat Assam)

তিনিচুকীয়া, ৫ জুলাই : তিনিচুকীয়া জিলাৰ ডিগবৈ-পেঙেৰী পথত গজৰাজ হৈ পৰিল এগৰাকী লোকৰ মৃত্যুৰ কাৰণ ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশা এখন এম্বুলেন্সত জৰুৰীকালীনভাৱে পেঙেৰীৰ দিশৰ পৰা ডিগবৈ দিশলৈ এগৰাকী ৰোগীক লৈ যোৱা হৈছিল । কিন্তু ৰোগীক লৈ গৈ থকাৰ সময়তে পেঙেৰীৰ বনাঞ্চলৰ মাজৰ পথত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আগচি ধৰিলে এম্বুলেন্সখন ৷

ৰোগী লৈ গৈ থকা এম্বুলেন্সখনে বিভিন্ন পন্থা অৱলম্বন কৰাৰ পিচতো কেৰেপ নকৰিলে গজৰাজে, কোনো পধ্যেই মুকলি কৰি নিদিলে পথটো ৷ বহু সময় পথটো মুকলি কৰি দিব বুলি অপেক্ষা কৰাৰ পিচতো পথটো গজৰাজে মুকলি কৰি নিদিয়াত এম্বুলেন্সখনৰ চালকে অন্য এটা পথেৰে ৰোগীগৰাকীক চিকিৎসালয়লৈ লৈ যায় ৷

কিন্তু চিকিৎসালয়ৈ ১৫ মিনিটৰ বাটৰ যদিও বন্যহস্তীটোৰ বাবেই সময় লাগিল প্ৰায় এঘণ্টা ৷ ফলত চিকিৎসালয় পোৱাৰ পিচতেই বিষ্ণু বস নামৰ ৰোগীগৰাকীৰ মৃত্যু হয় ৷ সময়মতে চিকিৎসালয়ত উপস্থিত নোহোৱাৰ বাবেই মৃত্যুক সাৱটিবলগীয়া হয় ৰোগীগৰাকীয়ে ৷ উল্লেখ্য যে স্থানীয় যুৱসমাজকৰ্মী সুভাষ তামাঙে নিজৰ এম্বুলেন্সখনেৰে লৈ গৈছিল উক্ত ৰোগীজনক ।

লগতে পঢ়ক: আই নৈত উটি আহিল ডেৰমহীয়া হাতী পোৱালী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.