অস্ত্ৰোপচাৰে কাল হ’ল নেকি অনাতাঁৰ শিল্পী অৰবিন্দ দিহিঙীয়াৰ ! - শিল্পী অৰবিন্দ দিহিঙীয়া
🎬 Watch Now: Feature Video


Published : Jan 20, 2024, 2:33 PM IST
ডিব্ৰুগড়, 20 জানুৱাৰী : কেৱল ধন ঘটাৰ বাবে ৰোগীৰ জীৱনক লৈ ল'ৰা ধেমালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে । স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াক মেনেজ কৰি কেৱল ধন ঘটিবলৈ খুলিছে নেকি ব্যক্তিগত চিকিৎসালয়সমূহ ! ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন হোৱা সময়তে পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে শিক্ষক তথা আকাশবাণী ডিব্ৰুগড়ৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী অৰবিন্দ দিহিঙীয়া মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
অভিযোগ অনুসৰি, শুকুৰবাৰে ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত গল্ড ব্লাডাৰ অস্ত্ৰোপচাৰৰ বাবে দিহিঙীয়াক ভৰ্তি কৰোৱা হৈছিল ৷ নিশা গল্ড ব্লাডাৰ অস্ত্ৰোপচাৰ কৰা পাছতেই নিশাৰ ভাগতে ৰহস্যজনক ভাৱে মৃত্যু হয় । বিভিন্ন কাৰণ দেখুৱাই তিনিবাৰকৈ অস্ত্ৰোপচাৰ কৰে নিশাটোৰ ভিতৰতে । ডিব্ৰুগড়ৰে এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাৰ নেতৃত্বত কৰা হৈছিল অস্ত্ৰোপচাৰ । কিন্তু ভুল চিকিৎসাৰ বাবে দিহিঙীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালে ৷
মৰাণৰ সমীপৰ তিলৈ নগৰৰ বাসিন্দা অৰবিন্দ দিহিঙীয়া এজন দৃষ্টিহীন ব্যক্তি হোৱা পাছতো সংগীত আৰু সমাজ জীৱন ভালপোৱা অসাধাৰণ ব্যক্তি আছিল । দৃঢ় মনৰ মানুহজনক হেৰুৱাই চকুলো টুকিছে সকলোৱে । পৰিয়ালৰ অভিযোগৰ পাছতো কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনাক লৈ মুখ খুলা নাই । এই ঘটনাই ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা লগতে সকলোৱে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ।
লগতে পঢ়ক : চৰকাৰে অসম চুক্তি কাৰ্যকৰী নকৰাত আজিও শ্বহীদৰ আত্মাই শান্তি লাভ কৰা নাই: শংকৰজ্যোতি বৰুৱা