৭ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত পুনৰ গঠন হ'ব : ৰণজিৎ কুমাৰ দাস - Minister Ranjit Kumar Das - MINISTER RANJIT KUMAR DAS
🎬 Watch Now: Feature Video


Published : Aug 10, 2024, 10:51 PM IST
ধেমাজি, ১০ আগষ্ট: ৰাজ্যৰ তৃতীয়টো পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা তৃতীয় পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰটো শনিবাৰে উদ্বোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়," ঢকুৱাখনাৰ সৰলা পথাৰত নিৰ্মাণ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে উজনি অসমৰ পঞ্চায়ত কৰ্মী,বিষয়া-কৰ্মচাৰীসকলৰ বাবে বিভিন্ন দিশত যথেষ্ট সকাহ কঢ়িয়াই আনিব ।" ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনিন্দ্ৰ শৰ্মাকে আদি কৰি বহুসংখ্যক বিষয়া আৰু ৰাইজৰ উপস্থিতিত এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," অহা ৭ ছেপ্টেম্বৰৰ ভিতৰত ব্লকবোৰৰ লগতে পঞ্চায়ত পুনৰ গঠন হ'ব ।"