মিচিং স্পৰ্টচ কাৰ্নিভেলৰ সামৰণি অনুষ্ঠানত পদ্মশ্ৰী মীৰাবাঈ চানু - MISSING SPORTS CARNIVAL
🎬 Watch Now: Feature Video
Published : Dec 3, 2024, 8:44 AM IST
|Updated : Dec 3, 2024, 2:47 PM IST
ধেমাজি: উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকলৰ বহু প্ৰতিভা আছে । গতিকে ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ নৱপ্ৰজন্মৰ খেলুৱৈসকলক কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৰ । ১৬ খন জিলাৰ পৰা তিনি হাজাৰ খেলুৱৈৰ অংশগ্ৰহণৰে সোমবাৰে নিশা সামৰণি পৰে মিচিং স্পৰ্টচ কাৰ্নিভেলৰ দ্বিতীয় সংস্কৰণ ।
টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত গোগামুখত অনুষ্ঠিত হৈছিল মিচিং স্পৰ্টচ কাৰ্নিভেলৰ দ্বিতীয় সংস্কৰণ । ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে অলিম্পিক পদক বিজয়ী তথা পদ্মশ্ৰী বঁটাপ্ৰাপক মীৰাবাঈ চানু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় ভূৱন পেগু, ড৹ অমিয় কুমাৰ ভূঞা ।
ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি মীৰাবাঈ চানুৱে কয় “উঠি অহা প্ৰজন্মক দেখি অতি সুখী । খেলক লৈ আগবাঢ়ি আহিছে । কষ্ট কৰক আৰু সকলোৱে উৎসাহিত কৰক । নিশ্চয় নিজৰ নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব ।"