চৰাইদেউত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত সাতজন, এজনৰ মৃত্যু - Japanese Encephalitis - JAPANESE ENCEPHALITIS
🎬 Watch Now: Feature Video


Published : Jul 19, 2024, 8:55 PM IST
মৰাণ, ১৯ জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে । ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ প্ৰায়সমূহ জিলাতে শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ হৈছে । ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ২০ জন লোক আক্ৰান্ত হৈছে এনেকেফেলাইটিছসদৃশ ৰোগত । ইয়াৰে ৭ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন কুমাৰ দাসে উল্লেখ কৰিছে ।
আনহাতে, এই ৰোগত এজন লোকৰ মৃত্যু হোৱা বুলি কয় চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে । জিলাখনৰ পাটসাঁকো আৰু সাপেখাতী অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে । এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে । এই ৰোগ প্ৰতিৰোধৰ বাবে জিলাখনত স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ কয় ।