গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ২৪ টা প্ৰকল্পৰ ১৯ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ: অশোক সিংহল - cleaning of Bharalu river

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:54 PM IST

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নিৰ্ধাৰিত ২৪ টা প্ৰকল্পৰ ভিতৰত ১৯ টাৰ কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী অশোক সিংহলে বিধানসভাৰ বাহিৰত শুকুৰবাৰে সাংবাদিকৰ আগত সদৰী কৰে । তেওঁ কয় যে ৫ টা প্ৰকল্পৰ কাম এতিয়াও বাকী আছে । চাৰিটা প্ৰকল্পৰ কাম চলিত বছৰত আৰু এটা প্ৰকল্পৰ কাম ২০২৫ চনত সম্পূৰ্ণ কৰা হ'ব ।

তেওঁ লগতে কয় যে আৰম্ভণিতে স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণত দেশৰ ১০০ টা স্থানৰ ভিতৰত গুৱাহাটী ৯৭ স্থানত আছিল । যোৱা তিনিবছৰত গুৱাহাটীৰ এই‌ স্থান ৫৯ লৈ উন্নীত হৈছে ৷ অহা জুলাইত পুনৰ জৰীপ হ'লে গুৱাহাটীৰ এই‌ স্থান অধিক উন্নীত হ'ব ।

ইপিনে বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ ‌কলিতাই ভৰলু, বাহিনী আৰু বশিষ্ঠ নদী উন্নয়নৰ সন্দৰ্ভত তোলা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহলে কয় যে চৰকাৰে ভৰলু, বাহিনী আৰু বশিষ্ঠ নদী উন্নয়নৰ কাম কৰি আছে । এই বছৰৰ পৰা গুৱাহাটীৰ বৰ্জিত পানী নিষ্কাশন কৰাৰ বাবে Sewage Treatment Plant( STP) আৰম্ভ ‌কৰা‌ হ’ব ।‌

লগতে পঢ়ক: ৯ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কথা পাতিব লাখপতি বাইদেউৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.