বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিব - দেৱব্ৰত শইকীয়া - election campaign in Nalbari - ELECTION CAMPAIGN IN NALBARI
🎬 Watch Now: Feature Video


Published : Apr 24, 2024, 5:00 PM IST
নলবাৰী, ২৪ এপ্ৰিল : বুধবাৰে নলবাৰীৰ বৰভাগত উপস্থিত হয় অসম বিধানসভাৰ বিৰোধী উপ-দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ । বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰভাগত উপস্থিত হয় নেতাদ্বয় ৷
নিৰ্বাচনী প্ৰচাৰ চলাই দেৱব্ৰত শইকীয়াই বিজেপিক আক্ৰমণ কৰি কয়, "বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিব । মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বিশ্বাসে নকৰে । এইবাৰ ৰাইজে ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে ভোটদান কৰিব ।
ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক সমালোচনা কৰি কয়ে যে, বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ ব্যৰ্থ হৈছে । বিজেপিয়ে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে । লগতে শইকীয়াই ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈ জয়ী হ'ব বুলি দাবী কৰে ।