নলবাৰীত বাছ-বাইকৰ সংঘৰ্ষত থিতাতে নিহত বাইক আৰোহী - মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়
🎬 Watch Now: Feature Video


Published : Feb 6, 2024, 6:36 PM IST
নলবাৰী, ৬ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাটোত এজন বাইক আৰোহী থিতাতে নিহত হয় । হাজো দৌলাশাল পথৰ বামুণবড়ীত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।
প্ৰাপ্ত খবৰ অনুসৰি, এখন বাছ আৰু এখন দুচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো । গুৱাহাটী অভিমুখে আহি থকা জুলুমিতা নামৰ বাছখনৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী ৰঞ্জিত আলী । নিহত ৰঞ্জিত আলীৰ ঘৰ পূব চতলাত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত বাছখনৰ নম্বৰ AS 13 C 5594 আৰু বাইকখনৰ নম্বৰ AS 01 DF 3739 । সম্প্ৰতি নিহত বাইক আৰোহীজনৰ মৃতদেহ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় ।
লগতে পঢ়ক : মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত চাৰিখনকৈ বাহন