পাণবজাৰত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ: গুৱাহাটীৰ 8 টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বাঃ)ৰ - ULFA I Bomb plans

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 4:14 PM IST

thumbnail
গুৱাহাটীৰ 8 টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বাঃ)ৰ (ETV Bharat Assam)

গুৱাহাটী, 15 আগষ্ট: স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বাঃ)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই দাবী কৰাৰ দৰেই ৰাজ্যৰ 25 টা স্থানত সংস্থাপন কৰিলে বোমা ৷ কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই বোমাসমূহ বিস্ফোৰিত নোহোৱাত আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল নিৰীহ জনগণ ৷ কেৱল গুৱাহাটীৰেই 8 টাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি আলফা(স্বা)ই প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে জানিব পৰা গৈছে ৷ ইতিমধ্যে পাণবজাৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সমীপত উদ্ধাৰ হৈছে সন্দেহযুক্ত এটা বোমা ৷ মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰা উক্ত স্থানত উপস্থিত হৈছে আৰু বোমা বিশেষজ্ঞৰ দলো ৰাওনা হৈছে ঘটনাস্থলীলৈ ৷ 

ইফালে মহানগৰীৰ ভেটাপাৰা-ঘোঁৰামাৰাত উপস্থিত হয় হাতীগাঁও আৰক্ষী । লগতে উপস্থিত হয় গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকল । হাতত দা-লাঠি লৈ বোমা বিচাৰি আৰক্ষীয়ে চলাই অভিযান । কিছুসময় পিছতেই বোমা স্কোৱাড উপস্থিত হয় । কিন্তু বৰ্তমানলৈ কোনো বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । 

লগতে পঢ়ক: লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

সঁচা প্ৰমাণিত পৰেশ বৰুৱাৰ বিবৃতি: নলবাৰীতো উদ্ধাৰ বোমাসদৃশ সামগ্ৰী - ULFA I BOMB PLAN

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.