আৰক্ষী থানাৰ সমীপতে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ : তিনিটা সৰবৰাহকাৰী আটক - Anti Drug Mission

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 9:00 PM IST

Updated : Jul 10, 2024, 10:31 PM IST

thumbnail
সৰুপথাৰ আৰক্ষী থানাৰ সমীপতে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (ETV BHARAT ASSAM)

সৰুপথাৰ, 10 জুলাই : গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী থানাৰ সমীপতে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ সৰুপথাৰ আৰক্ষী থানাৰ সমীপতে থকা এখন দোকানত জব্দ কৰা হৈছে ড্ৰাগছখিনি ৷  

সৰুপথাৰৰ 4 নং ৱাৰ্ডত 55 টা পেকেটত জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ বাবুল আলি নামৰ এজন ব্যক্তিৰ দোকানত জব্দ কৰা হৈছে ড্ৰাগছখিনি ৷ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আনি ড্ৰাগছখিনি দোকানত মজুত কৰিছিল সৰবৰাহকাৰী বাবুল আলিয়ে ৷ বাবুল আলিৰ লগতে আন দুটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ 

বাবুল আলিক আটক কৰি বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল বাবুল আলিক ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়ক : কাছাৰত বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Anti Drug Mission

Last Updated : Jul 10, 2024, 10:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.