শিৱসাগৰত মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আহত আন এজন - Moral policing in Sivasagar - MORAL POLICING IN SIVASAGAR
🎬 Watch Now: Feature Video


Published : Jun 24, 2024, 2:26 PM IST
|Updated : Jun 24, 2024, 3:04 PM IST
শিৱসাগৰ, 24 জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা । শিৱসাগৰত উদণ্ড পুৰুষ-মহিলাৰ আক্ৰমণত মৃত্যু ঘটিল এজন যুৱকৰ ৷ মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত লিপ্ত হৈছিল একাংশ পুৰুষ-মহিলাই । যুৱকজন শিৱসাগৰৰ ফুকন নগৰৰ পালু গোৱালা বুলি জানিব পৰা গৈছে ৷ লগতে, ঘটনাটোত আহত হৈছে আন এজন যুৱক ৷ মৃত পালু গোৱালাৰ ঘৰ শিৱসাগৰৰ মাজমজিয়াৰ 10 নম্বৰ ৱাৰ্ডত ৷
আনহাতে গণপ্ৰহাৰত আহত হোৱা আনজনৰ নাম দাদু গোৱালা বুলি জানিব পৰা গৈছে । ফুকন নগৰৰ ন পাম চলে গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৷ চলেগাঁৱৰ জয়ৰাম নামৰ এজন লোকৰ ঘৰৰ চোতালত সংঘটিত হৈছে এই নিৰ্মম ঘটনাটো ৷ এই নিৰ্মম ভয়ংকৰ ঘটনাৰ লগত বগলী, মাইনা কৰ্মকাৰ, টিকু গোৱালা, জয়ৰাম মণ্ডল, বুই মণ্ডল, ৰাজু মাঝী, কমল, কৰণ আদি জড়িত আছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে ৷
ঘটনাটোক কেন্দ্ৰ কৰি শিৱসাগৰত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷ বৰ্তমান পৰ্যন্ত ঘটনা সন্দৰ্ভত শংকৰ কৰ্মকাৰ, জয়ৰাম মণ্ডল, টিকু গোৱালা, টংকেশ্বৰ দাস, সুমিত দত্ত, কৰণ ৰূহী দাস, সুনীল বিশ্বাস, ৰাজু মাঝী আৰু ৰিতু গোৱালাক আটক কৰা হৈছে ৷ আনহাতে মূল অভিযুক্ত বগলী আৰু মাইনা বৰ্তমানেও পলাতক হৈ আছে ৷
লগতে পঢ়ক: লখিমপুৰত উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল মহিলাৰ - Moral policing