গুৰুৰ চৰণ পখালি আশিস ল'লে ছাত্ৰ-ছাত্ৰীয়ে - Teachers Day 2024

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 7:53 PM IST

thumbnail
গুৰুৰ চৰণ পখালি আশিস ল'লে ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

হোজাই,৫ ছেপ্টেম্বৰ: আজি শিক্ষক দিৱস । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত উদযাপন কৰা হৈছে শিক্ষক দিৱস । ব্যতিক্ৰম নহয় হোজাই জিলা । হোজাই জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে হোজাই দক্ষিণ বিদ্যানগৰত অৱস্থিত শংকৰদেৱ বিদ্যা নিকেতনত ব্যতিক্ৰমীভাৱে উদযাপন কৰা হয় শিক্ষক দিৱস । বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক আসনত বহুৱাই ছাত্র-ছাত্ৰীসকলে ভৰি ধুৱাই ধূপ-বন্তি জ্বলাই পূজা কৰি কঁপালত চন্দনৰ তিলক দি গুৰুসেৱা কৰে । পৰৱৰ্তী কাৰ্যসূচীত মঞ্চত অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ।  

উল্লেখ্য যে, সমগ্ৰ দেশত ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় । ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে । মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত শিক্ষক দিৱস উদযাপন কৰা হয় । এনেদৰেই হোজাই জিলাৰ আগশাৰীৰ এই শিক্ষানুষ্ঠানে উদযাপন কৰে শিক্ষক দিৱস ।

লগতে পঢ়ক: শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ? - Teachers Day 2024

শিক্ষক দিৱস বৰ্জন কৰি শিক্ষকৰ ধৰ্মঘট : ভাগ ল'লে ৰকিবুল হুছেইনেও - Teachers Day 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.