thumbnail

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 8:59 PM IST

ETV Bharat / Videos

গোলাঘাটত বন্ধ ঘৰত মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ - Deadbody recovered

গোলাঘাট,১৯ এপ্ৰিল: যোৰহাটৰ ভয়ংকৰ ঘটনাৰ যেন পুনৰাবৃত্তি এইবাৰ দেৰগাঁৱত । দেৰগাঁও খঙীয়া ফেটাগাঁৱত ঘৰৰ ভিতৰত উৱলি ৬৫ বছৰীয়া ৰহিলা দত্ত নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । অবিবাহিত মহিলাগৰাকী অকলে বসবাস কৰিছিল ঘৰটোত । শুকুৰবাৰে মহিলাগৰাকীৰ ভতিজাক গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে । তাৰ পিচতে ঘৰৰ ভিতৰত প্ৰতক্ষ্য কৰে উৱলি যোৱা মৃতদেহটো । যোৱা ৩ মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন ।  

যাৰ পৰিপ্ৰেক্ষিতত ৩ মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ । কেনেকৈ কি পৰিস্থিতিত মহিলাগৰাকীয়ে এনে মৃত্যুক সাবটিলে সেয়া এতিয়া ৰহস্যৰ বিষয় । দেৰগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।  তদন্তৰ পাচতে পোহৰলৈ আহিব মৃত্যুৰ সঠিক কাৰণ ।

লগতে পঢ়ক: আজিও সম্ভেদ নাই মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিং, সামাজিক মাধ্যমত ভাইৰেল ফটো - Dima Hasao Kidnapped

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.