thumbnail

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 7:02 AM IST

Updated : Jun 21, 2024, 7:13 AM IST

ETV Bharat / Videos

কৰ্তব্যৰত নাৰ্ছক আক্ৰমণ স্প্ৰে-মেনৰ - nurse attacked by spray man

আমগুৰি, 21 জুন : শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্প্ৰে মেনৰ আতংক । নৈশ কৰ্তব্যৰত এগৰাকী নাৰ্চক স্প্ৰে মেনে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি স্বাস্থ্যকেন্দ্ৰটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । অভিযোগ অনুসৰি বুধবাৰৰ নিশা কোনো দুৰ্বৃত্তই গেলেকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰৱেশ কৰি কৰ্তব্যৰত এগৰাকী নাৰ্ছক স্প্ৰেৰে আক্ৰমণ কৰে ৷ ফলত নাৰ্ছগৰাকী অচেতন হৈ পৰে । 

জানিব পৰা মতে, পুৱা প্ৰায় পাঁচ বজা পৰ্যন্ত নাৰ্ছগৰাকী অচেতন হৈ পৰি থাকে স্বাস্থ্য কেন্দ্ৰৰ মজিয়াত । উল্লেখনীয় বিষয় যে উক্ত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত নৈশ পহৰাৰ বাবে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকাৰ পিছতো কিয় এনেধৰণৰ অনাকাংশিত ঘটনা সংঘটিত হ'বলৈ পালে তাকে লৈ ইতিমধ্যে সচেতন মহলত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । স্বাস্থ্যকেন্দ্ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, গেলেকী স্বাস্থ্যকেন্দ্ৰটোত স্থাপন কৰা চিচি টিভি কেমেৰাটো বিকল হৈ আছিল ৷

ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় বিভিন্ন দল-সংগঠনে ৷ লগতে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

লগতে পঢ়ক: আমগুৰিৰ বৰবাম গ্ৰাণ্টত জব্দ চাৰি কোটি টকাৰ ড্ৰাগছ - Drugs seized in Amguri

Last Updated : Jun 21, 2024, 7:13 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.