দাবী কৰা ধন নিবলৈ আহি তিনিচুকীয়াত আটক NSCN-ৰ তিনি লিংকমেন - NSCN cadres allegedly demand money

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:49 AM IST

thumbnail
আৰক্ষীৰ জালত পৰে NSCN ৰ তিনি যোগসূত্ৰকাৰী (ETV Bharat Assam)

তিনিচুকীয়া, 14 জুলাই : তিনিচুকীয়া জিলাৰ পেঙেৰীত এগৰাকী ব্যৱসায়ীক NSCN এ ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ পেঙেৰীৰ দিপ্তী গগৈ নামৰ ব্যৱসায়ীগৰাকীক 10 লাখ টকা দাবী কৰাৰ অভিযোগ নগা উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে ৷

ইফালে সংগঠনটোৱে দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰে NSCN ৰ তিনি লিংকমেন ৷ শনিবাৰে পুৱতি নিশা মাৰ্ঘেৰিটা, জাগুন আৰু অৰুণাচলত অভিযান চলাই আৰক্ষীয়ে আটক কৰে তিনি যোগসূত্ৰকাৰীক ৷ আটকাধীন লিংকমেন কেইটা ক্ৰমে অংকুৰ গগৈ, অবিনাশ ঘোষ আৰু লুপান চিংফৌ বুলি জানিব পৰা গৈছে ৷

অৰুণাচলৰ যুৱতী লুপান চিংফৌক NSCN এ ধন সংগ্ৰহৰ কৰ্তৃত্ব প্ৰদান কৰিছিল বুলি পেঙেৰী আৰক্ষীৰ জেৰাত তেওঁ স্বীকাৰোক্তি দিছে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত তিনিওকে জেৰা অব্যাহত ৰাখিছে পেঙেৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক : পুনৰ অসমৰ ব্যৱসায়ীক NSCNৰ হুমকি; মেৰাপানীক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ - NSCN threatens assam businessman

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.