অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি : যোৰহাটত একত্ৰিত খিলঞ্জীয়া - Khilanjiya oikya mancha

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 10:52 PM IST

thumbnail
অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি (ETV Bharat Assam)

যোৰহাট, ২৬ আগষ্ট : বৰ্তমান অসমতেই সুৰক্ষিত নহয় অসমীয়া । ভয়-শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগা হৈছে ভূমিপুত্ৰই । ফলত অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি শিৱসাগৰৰ পিচত যোৰহাট জিলাতো একত্ৰিত হ'ল খিলঞ্জীয়া দল-সংগঠন । নাম দিয়া হ'ল খিলঞ্জীয়া ঐক্যমঞ্চ ।

সোমবাৰে যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীপাৰত ঐক্যবদ্ধ সকলো খিলঞ্জীয়া দল-সংগঠন একত্ৰিত হৈ এই অৰাজনৈতিক সংগঠনটোৰ জন্ম দিয়ে । যোৰহাটত প্ৰাপ্য অধিকাৰ, চৰকাৰী-বেচৰকাৰী প্ৰতিটো কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগ কৰা, ভাষা আইন কাৰ্যকৰী কৰা, ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ ভূমি বেদখলমুক্ত কৰা, টোকলাই নদীৰ দুয়োকাষ বেদখলমুক্ত কৰা, শ্ৰম আইন প্ৰয়োগ, ভাৰা আইন প্ৰয়োগ, ভূমি কিনা-বেচা আদি বিষয়ক লৈ ঐক্যবদ্ধ হয় খিলঞ্জীয়া দল-সংগঠন । আনহাতে, উক্ত বিষয়সমূহৰ ওপৰত জিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এক কথাত ক'বলৈ গ'লে খিলঞ্জীয়াৰ অস্তিত্ব ৰাক্ষাৰ্থে যোৰহাটত মাৰবান্ধি থিয় হৈছে সকলো খিলঞ্জীয়া দল-সংগঠন । যাৰ ফলত যোৰহাটত এতিয়াৰে পৰা অনা অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব খিলঞ্জীয়া ভূমিপত্ৰই ।

লগতে পঢ়ক :তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যাহ্বান মাজত থাকি কাম কৰিছে : ৰূপজ্যোতি কুৰ্মী - MLA Rupjyoti Kurmi
লগতে পঢ়ক :সংবিধানখনত যথেষ্ট সুৰুঙা আছে, সলনি কৰিব লাগে সংবিধানখন : জুবিন গাৰ্গ - Zubeen Garg

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.