thumbnail

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 7:01 AM IST

ETV Bharat / Videos

NHPC ভৱিষ্যতৰ বাবে এক অশনি সংকেত : মানৱ অধিকাৰ সংগ্ৰাম সমিতি - MASS reacts on NHPC dam

ধেমাজি, 2 জুলাই : বহু বিতৰ্কিত অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত নিৰ্মীয়মাণ 116 মিঃ উচ্চতাৰ 2000 মেগাৱট ক্ষমতাসম্পন্ন NHPC ৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পক লৈ চিন্তিত হৈ পৰিছে নামনিবাসী ৷ এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সচিব বৈকুণ্ঠ হাজৰিকাই ৷

হাজৰিকাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, "বাৰিষাত বান্ধটোত জমা হোৱা অতিৰিক্ত পানী ভাগ NHPC কৰ্তৃপক্ষই এৰি দিয়ে ৷ একেদৰে খৰালি বান্ধটোৰ বাবেই নামনি অংশত গৰু-ম’হেও পানী এটুপি খাবলৈ বিচাৰি নোপোৱা অৱস্থা হয় । বিগত বছৰত সোৱণশিৰিৰ নামনি বক্ষ শুকাই যোৱাৰ পিছত বিভিন্ন দল-সংগঠনে NHPC ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ৷ এনেক্ষেত্ৰত এইবাৰ বাৰিষা প্ৰৱল বৰষুণৰ ফলত অতি ভয়ংকৰ হৈ পৰিছে সোৱণশিৰি নদীখন ৷"

সচিবগৰাকীয়ে পুনৰ কয়, "নদীবান্ধৰ ফলত জমা হোৱা অতিৰিক্ত পানীখিনি কৰ্তৃপক্ষই এৰি দিয়াৰ ফলত নদীখনত জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাই নামনিৰ বিভিন্ন নদী-উপনদী পানীৰে পৰিপূৰ্ণ হোৱাৰ ফলত বিভিন্ন ঠাইত বানৰ বিভীষিকা নামি অহাৰ আশংকাত ভুগিছে সকলোৱে ৷ এই বৃহৎ বান্ধটো ভৱিষ্যতৰ বাবে এক অশনি সংকেত বহন কৰিছে ৷"

লগতে পঢ়ক: নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

NHPC বান্ধ সম্পূৰ্ণৰূপে ভাঙি দিয়াৰ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ - AJYCP on NHPC dam

এন এইচ পি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ - Protest against NHPC Big Dam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.