সমষ্টিবাসী মোৰ মা, তেওঁলোকৰ ওচৰত মই সদায় ঋণী: ৰূপেশ গোৱালা - RUPESH GOWALA IN TINSUKIA
🎬 Watch Now: Feature Video
Published : 2 hours ago
তিনিচুকীয়া : মন্ত্ৰিত্বৰ শপত লৈ গৃহ সমষ্টি ডুমডুমাত প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে আবেলি উপস্থিত ৰূপেশ গোৱালা । তেওঁৰ শুভাকাংক্ষী আৰু দলৰ কাৰ্যকৰ্তাই নৱ-নিযুক্ত মন্ত্ৰীজনক উষ্ম আদৰণি জনায় । তাৰ পাচতে ডুমডুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডুমডুমা নগৰ খেলপথাৰলৈ ৰূপেশ গোৱালাক আদৰণি জনাই এক সমদলো বাহিৰ কৰা হয় ৷
মন্ত্ৰী ৰূপেশ গোৱালাক ডুমডুমা নগৰ খেলপথাৰত কেইবাশতাধিক জনতাৰ উপস্থিতিত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানেও উষ্ম আদৰণি জনায় । পৰৱৰ্তী সময়ত মঞ্চত ভাষণ দি থকাৰ মাজতেই মন্ত্ৰী ৰূপেশ গোৱালা আৱেগিক হৈ পৰা দেখা যায় ।
‘‘যিদিনা মন্ত্ৰিত্বৰ নাম ঘোষণা কৰিছিল সেইদিনাও মই মাৰ আগত কথা ক’ব পৰা নাছিলো, কান্দি উঠিছিলো আৰু মই শুৱও পৰা নাছিলো । আজি আপোনালোকৰ আগতো মই আবেগিক হৈ গৈছো । আপোনালোকো মোৰ মাৰ দৰে হয়, সমষ্টিবাসী মোৰ মা ৷ সমষ্টিবাসীৰ ওচৰত মই সদায় ঋণী ৷’’ নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে কয় ৷
ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মোৰ প্ৰতি দেখুওৱা অগাধ বিশ্বাসৰ বাবে যি গধুৰ দায়িত্ব দিলে, সেয়া নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম বুলিও সংবাদ মাধ্যমৰ আগত কয় ৷