গছ উভালি পৰাত আৱদ্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ - National highway stuck

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:29 PM IST

thumbnail
কলিয়াবৰত আৱদ্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ (ETV BHARAT ASSAM)

কলিয়াবৰ, 5 জুন : এজোপা প্ৰকাণ্ড গছ উভালি পৰাত আৱদ্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ ৷ গছ উভালি পৰি কলিয়াবৰত আৱদ্ধ হৈ পৰিল সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটো ৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে যান-বাহন তথা যাত্ৰীৰ ৷  

উল্লেখ্য যে, বুধবাৰে প্ৰকাণ্ড গছ উভালি পৰি আৱদ্ধ হৈ পৰিল 715 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ কলিয়াবৰৰ কুঠৰীত হঠাতে প্ৰকাণ্ড গছ উভালি পৰাত আৱদ্ধ হৈ পৰে উজনি-নামনিমুখী শতাধিক যান-বাহন ৷ স্থানীয় লোক তথা যাত্ৰীৰ অভিযোগ অনুসৰি প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বহু সময় ধৰি আৱদ্ধ হৈ পৰে যান-বাহনসমূহ ৷ ইয়াৰ ফলত ক্ষোভিত হৈ পৰে যাত্ৰী তথা স্থানীয় লোকসকল ৷ ইতিমধ্যে গছজোপা কাটি পুনৰ পথছোৱা মুকলিৰ বাবে প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : পানীখাইতিৰ জনাঞ্চলৰ পৰা উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ - Slow Loris Rescued

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.