ভোটদাতাক আকৰ্ষণৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী - Voters Awareness Program

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:25 PM IST

thumbnail

নলবাৰী, 28 মাৰ্চ : নলবাৰী জিলাৰ মহিলা ভোটদাতা সকলক আকৰ্ষণ কৰাৰ বাবে নলবাৰী জিলা প্ৰশাসনে এলানি সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনত আজি জিলাখনত কৰ্মৰত মহিলা বিষয়া-কৰ্মচাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ সকলোকে ভোট দিবলৈ আহ্বান জনায় ৷  

বিষয়া-কৰ্মচাৰী সকলে প্ৰত্যেকে গুলপীয়া সাজ পৰিধান কৰি এই বিশেষ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সজাগতা কাৰ্যসূচীত জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস উপস্থিত থাকে ৷ জিলা আয়ুক্ত বৰ্ণালী ডেকাই জানিবলৈ দিয়া মতে এইবাৰ জিলাখনত মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে ৷ আনকি জিলাখনৰ চহৰ অঞ্চলৰ 50 শতাংশ ভোট কেন্দ্ৰ এইবাৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ৷

উল্লেখযোগ্য যে নলবাৰীত প্ৰায়বোৰ চৰকাৰী বিভাগতে মহিলা বিষয়া নিযুক্তি হৈ আছে ৷ সেয়ে আজি সকলো মহিলা বিষয়াই ভোটদাতা সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে এনেদৰে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

লগতে পঢ়ক : টায়াৰ জ্বলাই সিংহ গৰ্জন তুলিলে উন্নয়ন নহয় : বিমল বড়া - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.