মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত ল’ৰা ৰজাৰ শাসন চলি আছে : কংগ্ৰেছ - ভাৰত জোড়ো ন্যায় যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:22 PM IST

নলবাৰী, ২০ জানুৱাৰী : অহা ২৩ জানুৱাৰীত জালুকবাৰী, হাজো, শুৱালকুছিৰ মাজেৰে নলবাৰীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে সাজু হৈছে নলবাৰীবাসী ৷ এই সম্পৰ্কত শনিবাৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটিয়া সম্পাদক দিব্যজ্যোতি হালৈয়ে অনুষ্ঠিত কৰে এক সংবাদমেলৰ ।

নলবাৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা উক্ত সংবাদমেলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে নলবাৰীত কংগ্ৰেছ দল যথেষ্ট শক্তিশালী বুলি মন্তব্য কৰে জিলা কংগ্ৰেছে ৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ যুটিয়া সম্পাদক দীব্যজ্যোতি হালৈয়ে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ল’ৰা ৰজাৰ শাসন চলিছে ৷ বৰ্তমান মুখ্যমন্ত্ৰী শৰ্মাৰ কোনো অস্তিত্ব নাই’’ ৷

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰা: মুখ্যমন্ত্ৰীক একমুখে সমালোচনা ৰাজ্যৰ বিৰোধী দলসমূহৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.