তিনিচুকীয়াৰ ব্ৰহ্মজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু - Wild Elephant Death

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:11 PM IST

thumbnail
তিনিচুকীয়াৰ ব্ৰহ্মাজানত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)

তিনিচুকীয়া, ২১ জুন : তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ব্ৰহ্মজানত এটা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহাৰ ফলত বন্যপ্ৰাণীসমূহে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে । বিশেষকৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে ।

পেঙেৰীৰ ব্ৰহ্মজান চাৰিআলিৰ এজন লোকৰ চাহ বাগিচাত বন্যহস্তীটো মৃত অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ লগে লগেই স্থানীয় বন বিভাগক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীটোৰ মৃতদেহ উদ্ধাৰ কৰে । বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগে ৷ কি কাৰণত বন্যহস্তীটোৰ মৃত্যু হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । এনেদৰে বন্যহস্তীৰ মৃত্যুত চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল ।

লগতে পঢ়ক: চৰাইদেউৰ নামতোলাত দুটা প্ৰকাণ্ড হাতীদাঁত জব্দ : আটক এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.