ঝাৰখণ্ডৰ জংঘলত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ - Youth Of Assam Death in Jharkhand
🎬 Watch Now: Feature Video
Published : May 22, 2024, 9:55 AM IST
গুৱাহাটী, ২২ মে' : কামৰ সন্ধানত বহিঃৰাজ্য়লৈ যোৱাৰ পিচতেই ৰহস্য়জনকভাৱে অসমৰ যুৱক তথা শ্ৰমিকৰ মৃত্য়ু হোৱাৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে । এই ঘটনা সংঘটিত হৈ থকাৰ মাজতেই পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হৈছে অসমৰ এজন বিবাহিত যুৱক । পানীখাইতি তামোলবাৰী অঞ্চলৰ ৰামু ছেত্ৰী নামৰ যুৱকজনক ঝাৰখণ্ডত কোনো দুৰ্বৃত্তই হত্যা কৰি ঘন জংঘলত পেলাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হত্যাৰ বলি হোৱা যুৱকজনৰ ভাতৃয়ে এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, দুটি কণমানি কন্যা সন্তানৰ পিতৃ ৰাম ছেত্ৰীয়ে চাৰিদিন পূৰ্বে কামৰ সন্ধানত ঝাৰখণ্ডলৈ গৈছিল । কিন্তু পৰিয়ালৰ লোকে দুদিন পিছতে ৰামু ছেত্ৰীৰ মৃতদেহ ঝাৰখণ্ডৰ হাবিৰ মাজত পৰি থকা এখন ফটো লাভ কৰে ।
ইয়াৰ পিছতে পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । পিছত সহজ-সৰল পৰিয়ালটোৰ সদস্য়সকলে এই ফটো লাভ কৰি বিভিন্নজনৰ লগত যোগাযোগ কৰে যদিও কোনো সুদুত্তৰ লাভ নকৰাত উপায়বিহীন পৰিয়ালটোৱে পানীখাইতি আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় । ঘটনা সন্দৰ্ভত পানীখাইতি আৰক্ষীয়ে মৃতদেহটো ঝাৰখণ্ডৰ পৰা উদ্ধাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।