কংগ্ৰেছ এইবাৰ শূন্য, AIUDF এ লাভ কৰিব দুখন আসন- সাংসদ দিলীপ শইকীয়া
🎬 Watch Now: Feature Video
Published : Feb 26, 2024, 1:31 PM IST
বাইহাটা, 26 ফেব্ৰুৱাৰী : "কংগ্ৰেছৰ চক্ৰবেহু ইতিমধ্যেই অসমৰ ৰাইজে ভাঙি পেলাইছে ৷ গৌৰৱ গগৈৰ ভাৰতীয় জনতা পাৰ্টীৰ চক্ৰবেহু ভেদ কৰিবলগীয়া একো নাই ৷ গৌৰৱ গগৈয়ে নিজৰ দলতে চক্ৰবেহু ভেদ কৰাত লাগিবলগীয়া হৈছে । গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ এজন ঘনিষ্ঠ নেতা । সেই নেতাই এতিয়া সমষ্টি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । এইটোতকৈ দুৰ্ভাগ্য একো নাই ৷" গৌৰৱ গগৈক কটাক্ষ কৰি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
লগতে সাংসদগৰাকীয়ে কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত 12 খন আসনত জিকাৰ বাবে এন ডি এ দলে বুথে বুথে কাম আৰম্ভ কৰিছে । এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে 12 খন আসন লাভ কৰিব, কংগ্ৰেছ এইবাৰ শূন্য হোৱাৰ বিপৰীতে এ আই ইউ ডিফে দুখন আসন লাভ কৰিব ।
লগতে পঢ়ক: অসমত ১৪খন আসন বুজাবুজিৰ দিশত অগ্ৰসৰ ১৫টা বিৰোধী ৰাজনৈতিক দল