কংগ্ৰেছ বিধায়কক কিয় পুনৰ এআইইউডিএফলৈ মাতিলে আজমলে ? - mp badruddin ajmal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-02-2024/640-480-20828266-thumbnail-16x9-1gb1g.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 24, 2024, 10:09 AM IST
মাণিকপুৰ, 24 ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ বাশবাৰীত গৰাখহনীয়া পৰিদৰ্শন কৰি সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰক এআইইউডিএফ লৈ ঘূৰি অহাৰ আহ্বান জনায় ৷ শুকুৰবাৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত হয় আই নদীৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, আই নদীৰ গৰাখহনীয়াই মাণিকপুৰৰ বাশবাৰী অঞ্চলৰ কেইবাখনো গাঁও নিশ্চিহ্ন কৰি পেলাইছে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে আই নদীৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বিশেষ একো ভূমিকা গ্ৰহণ কৰা নাই ৷ বিধায়ক আব্দুল বাতেন খন্দকাৰ আৰু সাংসদ আব্দুল খালেকৰ কামৰ সমালোচনা কৰি আজমলে ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনায় ৷
সাংসদ বদৰুদ্দিন আজমলে কয়, "ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিব । কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰো ঘূৰি আহিব । কংগ্ৰেছৰ আন কেইবাজনো বিধায়ক এ আই ইউ ডি এফ লৈ আহিব । আলোচনা চলি আছে ।"
লগতে পঢ়ক: এআইইউডিএফৰ সমৰ্থনত কংগ্ৰেছে সদন ত্যাগ কৰা কাৰ্যক নাটক বুলিলে সাংসদ আজমলে