ৰাজ্যসভাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলঙৰ প্ৰসংগ উত্থাপন ভূঞাৰ - Ajit Kumar Bhuyan

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 8:18 PM IST

thumbnail
ৰাজ্যসভাত সাংসদ অজিত কুমাৰ ভূঞা (Sansad TV)

নিউজ ডেস্ক, 27 জুলাই : ভৰলুমুখ, গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হৈ আছে এখন নতুন দলং ৷ দলংখনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ক্লিয়াৰেন্সৰ প্ৰসংগ উচ্চ সদনত উত্থাপন কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই ৷

ব্ৰহ্মপুত্ৰ নদী ৰাষ্ট্ৰীয় জলপথ হোৱা হেতুকে অত্যাধিক মাত্ৰাত কাৰ্গো জাহাজ চলোৱাৰ বাবে প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি দলংখনৰ ক্ষেত্ৰতো উপযুক্ত ক্লিয়াৰেন্সৰ বিষয়টো সদনত উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ বিভাগীয় মন্ত্ৰীক তেওঁ অনুৰোধ জনাই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় নেভিগেশ্যনেল ক্লিয়াৰেন্সৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ ৷ যাতে জনসাধাৰণৰ মনত থকা ভুল ধাৰণা দূৰ হয় ৷

বৰ্তমান, জলপথটো অসম চৰকাৰ, সেনা, সীমান্ত সুৰক্ষা বাহিনী, পৰ্যটন সংস্থা আৰু অন্যান্য ব্যক্তিগত অপাৰেটৰৰ জাহাজৰ বাবে ব্যৱহৃত হৈ থকা বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ৷ সেয়েহে নিৰ্মীয়মান দলংখনৰ ক্লিয়াৰেন্সৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই সাংসদ অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক : একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.