ৰহাত মহিলা সুদখোৰক আটক - Illegal Money Lender
🎬 Watch Now: Feature Video


Published : Mar 3, 2024, 8:26 AM IST
ৰহা, ৩ মাৰ্চ: সুদখোৰৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰহাতো সুদখোৰৰ বিৰুদ্ধে এতিয়াও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ অংশ স্বৰূপে শনিবাৰে ৰহা আৰক্ষীয়ে ৰহা বনুৱাগাঁৱৰ পৰা আটক কৰে এগৰাকী সুদখোৰ মহিলাক ।
অভিযোগ অনুসৰি, ধৃত মহিলাগৰাকীয়ে বহুদিন ধৰি বহু দৰিদ্ৰ লোকক ধন ঋণত দিয়াৰ নামত চক্ৰবৃদ্ধি সুদ লগাই বেআইনীভাৱে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছিল । সুদখোৰ মহিলাগৰাকীৰ পৰা সুদত টকা ধাৰে লৈ সৰ্বস্বান্ত হোৱা এগৰাকী ভুক্তভোগী মহিলাৰ অভিযোগৰ ভিত্তিত শনিবাৰে ৰহা আৰক্ষীয়ে অভিযুক্ত সুদখোৰ মহিলাগৰাকীক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত