ঠিকাদাৰৰ কাম-কাজক লৈ খঙত অগ্নিশৰ্মা বিধায়ক তেৰছ গোৱালা - MLA Terash Gowalla - MLA TERASH GOWALLA
🎬 Watch Now: Feature Video
Published : Jun 9, 2024, 11:57 AM IST
দুলীয়াজান, ৯ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাচতে একচন মুডত এইবাৰ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা । সমষ্টিত চলি থকা উন্নয়নমূলক কামসমূহ নিজে তদাৰক কৰি আহিছে বিধায়কগৰাকীয়ে । ৰাইজৰ অভিযোগ আছিল দুলীয়াজানৰ পৰা টিপলিং সংযোগী পথ নিৰ্মাণত ব্যাপক বিসংগতি সৃষ্টি হৈছে ।
লেহেমীয়া গতিৰে কাম হোৱাত প্ৰায়ে পথচোৱাত দুৰ্ঘটনা সংঘটিত হৈছে । ৰাইজৰ অভিযোগৰ পাচতে শনিবাৰে বিয়লি পথ নিৰ্মাণস্থলীত উপস্থিত হয় বিধায়কগৰাকী । অসম মালা আঁচনিৰ দ্বাৰা নিৰ্মাণত হোৱা পথ কামত খেলি-মেলি হোৱা প্ৰতক্ষ্য কৰি ক্ষোভিত হৈ পৰে বিধায়কগৰাকীয়ে । অন কেমেৰা ঠিকাদাৰক ধমক বিধায়ক তেৰছ গোৱালাৰ ।
দুলীয়াজানৰ পৰা টিপলিং সংযোগী পথ নিৰ্মাণত নিম্নমানৰ কাম আৰু লেহেমীয়া গতিৰ বাবে ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ লগতে বিভাগীয় বিষয়াক ধমক দিলে বিধায়কগৰাকীয়ে । এসপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ দাবী কৰাৰ লগতে উন্নতমানৰ সামগ্ৰী দি কাম কৰিবলৈ নিদেৰ্শ দিয়ে । ইয়াৰ পাছতো কাম বেয়া হ'লে এনে ঠিকা কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰাৰো ভাবুকি দিয়ে বিধায়কগৰাকীয়ে ।