নেদেখাজনে তাৰ বিচাৰ কৰিব : কাৰ বিচাৰৰ কথা ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - BJP membership drive in Jorhat

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:26 PM IST

thumbnail
কাৰ বিচাৰৰ কথা ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (ETV Bharat Assam)

যোৰহাট, ৩ ছেপ্টেম্বৰ : আৰম্ভ হৈছে বিজেপিৰ সদস্যভৰ্তি অভিযান । সোমবাৰৰ পৰা সমগ্ৰ দেশজুৰি এই অভিযান আৰম্ভ হৈছে যদিও অসমত মঙলবাৰৰ পৰাহে এই অভিযানৰ আৰম্ভ হৈছে । সমান্তৰালভাৱে যোৰহাটতো বিজেপিয়ে আৰম্ভ কৰিছে সদস্যভৰ্তি অভিযান ।

এই উপলক্ষে যোৰহাটৰ জনতা মুক্তিযোদ্ধা ভৱনত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মঙলবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে অসমত এতিয়া শান্তি আৰু উন্নয়নৰ পৰিস্থিতি বিৰাজ কৰিছে ।

তেওঁ কয়, "বিজেপি চৰকাৰৰ শাসনকালত সকলো সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলোচনা মেজলৈ আহিল । সেয়েহে অসমৰ বিকাশৰ স্বাৰ্থত আৰু অসমত ঔদ্যোগিক উন্নয়নৰ স্বাৰ্থত, নিৱনুৱা সমস্যা সমাধানৰ বাবে পৰেশ বৰুৱাক শান্তি আলোচনালৈ আমন্ত্ৰণ জনাইছো । মই হাতযোৰ কৰি আহ্বান জনাইছো আলোচনাৰ মেজলৈ আহক পৰেশ বৰুৱা । পৰেশ বৰুৱাৰ লগত মোৰ ভাল সম্পৰ্ক আছে, আমি ফোনতো কথা পাতো । খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত ত্ৰিশটা জাতি-জনগোষ্ঠী একত্ৰিত হৈ গ্ৰহণ কৰি অহা পদক্ষেপক মই আদৰণি জনাইছো ।"

আনহাতে, কৃষ্ণ জন্মাষ্টমীৰ দিনা বিধানসভা আৱাসত ভজন গোৱা প্ৰসংগত শৃংখল চলিহাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, "টিভিত দপদপাই থকা শৃংখল চলিহাৰ বেছি দিন নাই । ভগৱানে তাৰ বিচাৰ কৰিব । ভগৱানৰ নামত প্ৰাৰ্থনা গোৱাত মোক বেয়াকৈ কোৱা শৃংখল চলিহাৰ বিচাৰ নেদেখাজনে কৰিব ।"

লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud
লগতে পঢ়ক :বি টি আৰৰ ৰাজনৈতিক সমীকৰণ: একত্রিত হোৱাৰ দিশে বি পি এফ আৰু ইউ পি পি এল ! - BTR politics

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.