কোনে উপদ্ৰৱ চলালে ধুবুৰী প্ৰেছ ক্লাবত ? - MISCREANTS RANSACKED PRESS CLUB
🎬 Watch Now: Feature Video


Published : Oct 18, 2024, 7:37 PM IST
ধুবুৰী,১৮ অক্টোবৰ: ধুবুৰী প্ৰেছ ক্লাবত অঘটন । ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰেছ ক্লাবৰ বয়-বস্তু । প্ৰেছ ক্লাবৰ বেনাৰ ফালি পেলোৱাৰ লগতে প্ৰেছ ক্লাবৰ টি ভি, কেৰম বৰ্ড, আদি লণ্ড-ভণ্ড কৰে দুস্কৃতিকাৰীয়ে । বিবেকানন্দৰ ফটোকো কৰিলে অপমান । পিছফালৰ দুৱাৰেৰে সোমাইছিল দুস্কৃতিকাৰী । ওলাই যোৱাৰ পূৰ্বে বাহিৰৰ পৰা বন্ধ কৰি দিছিল দুৱাৰ ।
প্ৰেছ ক্লাবৰ ষ্টিলৰ আলমিৰা ভাঙি ভিতৰৰ সামগ্ৰী লণ্ড-ভণ্ড কৰে দুস্কৃতিকাৰীয়ে । প্ৰেছ ক্লাবত উপদ্ৰৱ চলাই যদিও দুস্কৃতিকাৰীয়ে কোনো বয়-বস্তু চুৰি কৰা নাই । মজিয়াত পেলাই থৈ যায় বিবেকানন্দৰ ফটো । ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । কোনো ব্যক্তিৰ দলে পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰেছ ক্লাব কৰ্তৃপক্ষৰ । সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ধুবুৰীত ।