চিলনী চোৰে নেৰিলে প্ৰয়াত জোনমণি ৰাভাৰ মাতৃকো - Chain Snatching - CHAIN SNATCHING
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-08-2024/640-480-22301170-thumbnail-16x9-gh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 26, 2024, 6:56 PM IST
গুৱাহাটী, ২৬ আগষ্ট : গুৱাহাটী মহানগৰীৰ ৰাজপথত পিতপিতাই ফুৰিছে চিলনী চোৰে । চিলনী চোৰক নাকী লগোৱাত ব্যৰ্থ হৈছে স্মাৰ্ট আৰক্ষী ! এতিয়া যুৱতী-মহিলাৰ বাবে সন্ত্রাসৰ কাৰণ হৈ পৰিছে চিলনী চোৰ । এনে ঘটনা মহানগৰীত নিতৌ সংঘটিত হৈ আহিছে । এইবাৰ প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মাতৃৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন ।
শুকুৰবাৰে নিশা জোনমণিৰ মাতৃক চিলনী চোৰে আক্ৰমণ কৰি চিঙি লৈ গ’ল ডিঙিৰ সোণৰ চেইন । নিশা প্রায় ৯ বজাত কাহিলীপাৰাৰ ঘৰৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনাটো । বাইকত অহা দুটা দুর্বৃত্তই কাঢ়ি নিলে সুমিত্রা ৰাভাৰ ডিঙিৰ সোণৰ চেইন । দুৰ্বৃত্তই ভাঙি থৈ গ’ল প্ৰয়াত জোনমণি ৰাভাৰ মাতৃৰ ম’বাইল ফোনো । এই আক্রমণত আঘাতপ্রাপ্ত হৈছে জোনমণি ৰাভাৰ মাতৃ ।