'কা' আন্দোলনে কিছুমান নেতাৰহে জন্মৰ দিলে : সঞ্জয় কিষাণ - sanjoy kishan react over caa
🎬 Watch Now: Feature Video


Published : Mar 13, 2024, 4:39 PM IST
তিনিচুকীয়া, ১৩ মাৰ্চ: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বা 'কা' আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে কৰা এক মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ শ্ৰম মন্ত্ৰীগৰাকীৰ মতে, 'কা' হেনো সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা । তেওঁ জাতীয় দল সংগঠনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ কয়,"'কা' বাতিল কৰাৰ ক্ষেত্ৰত জাতীয় দল সংগঠনে ৰাজপথত আন্দোলন কৰি লাভ নাই ।" এই ক্ষেত্ৰত ন্যায়ালয়ৰ কাষ চাপিবলৈ অনুৰোধ জনায় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।
প্ৰথমবাৰ 'কা' বিৰোধী আন্দোলনত প্ৰতিবাদকাৰী সকলে শ্ৰম মন্ত্ৰীগৰাকীৰ ঘৰতো সাতবাৰকৈ জ্বলাবলৈ চেষ্টা কৰিছিল বুলি কয় । 'কা' আন্দোলনে কিছুমান নেতাৰ জন্মৰ দিলে বুলি তেওঁ কয় । এই 'কা' বিৰোধী আন্দোলনত প্ৰতিবাদকাৰী সকলে বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহটো জ্বলাই দিছিল বুলিও তেওঁ কয় ৷ তদুপৰি গাঁও পঞ্চায়তটো প্ৰতিবাদকাৰী সকলে জ্বলাই দিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী সঞ্জয় কিষাণে । তেওঁ কয়," ৰাইজে এতিয়া বুজি পাইছে, লোকসভা নিৰ্বাচনত আমি বিপুল ভোটত জয়লাভ কৰিম ।" ৰাইজ চৰকাৰৰ লগত আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।
লগতে পঢ়ক:আছুৰ জোঁৰ সমদলে পোহৰালে মঙলবাৰৰ নিশা