কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:56 PM IST

thumbnail
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা (ETV BHARAT ASSAM)

আমিনগাঁও , ২২ জুন: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে কমলপুৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বানাক্ৰান্তই মন্ত্ৰীগৰাকীৰ সন্মুখতেই ক্ষোভ প্ৰকাশ কৰে । আজি কমলপুৰৰ কলাজল নৈয়ে প্লাবিত কৰা অঞ্চলসমূহত বানাক্ৰান্ত সকলৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । ৰাইজে কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰাৰ বাবে দাবী উত্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই এই কাৰ্য সম্পাদন কৰাৰ আশ্বাস দিয়ে ।

ইপিনে, ৰাজ্যত ১০০% বানপানীৰ সমস্যাৰ সমাধান কৰা সম্ভৱ নহয় বুলি মন্তব্য় কৰি কয়," জলসম্পদ মন্ত্ৰী হৈয়ো নিজৰ সমষ্টিকেই মই বানমুক্ত কৰিব পৰা নাই ।" এই পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক সংগ দিয়ে স্থানীয় সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.