বিদ্যুৎ মাচুল ৰেহাই নাপায় মন্ত্ৰী-বিধায়কে : মুখ্য়মন্ত্ৰীৰ সিদ্ধান্তক আদৰণি কেশৱ মহন্তৰ - Keshab Mahanta On Electricity Bill

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:56 PM IST

thumbnail
মুখ্য়মন্ত্ৰীৰ সিদ্ধান্তক আদৰণি কেশৱ মহন্তৰ (Etv Bharat Assam)

কলিয়াবৰ, 18 জুন: বিদ্যুৎ মাচুল ৰেহাই নাপায় মন্ত্ৰী-বিধায়কে । কিছুদিন পূৰ্বে এই ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাক আদৰণি জনাইছে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে, এই নীতি কাৰ্যকৰী হ’ব এক জুলাইৰ পৰা ৷ দীৰ্ঘদিনৰে পৰা বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰি অহা মুখ্যমন্ত্ৰী, মন্ত্ৰী অথবা বিধায়কসকলে এতিয়াৰে পৰা লাভ নকৰিব বিনামূলীয়া বিদ্যুৎ সেৱা ৷ বিপৰীতে প্ৰতিগৰাকী সাধাৰণ গ্ৰাহকৰ দৰেই মন্ত্ৰী-বিধায়কেও পৰিশোধ কৰিব লাগিব বিদ্যুৎ মাচুল ৷ শেহতীয়াকৈ দিছপুৰৰ জনতা ভৱনৰ সৌৰশক্তি প্ৰকল্প মুকলি অনুষ্ঠানত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই কথাৰ মূলতে হৈছে বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰা বিদ্যুতৰে চলিছে ৰাজ্য ৷ শক্তিখণ্ডত পিচপৰি থকা অসমে সৌৰশক্তি প্ৰকল্পৰে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য আগত ৰাখি পোনপ্ৰথমবাৰৰ বাবে জনতা ভৱনত ১২ কোটি টকা ব্যয়ৰে ২.৫ মেগাৱাট বিদ্যুৎ উৎপাদন প্ৰকল্প মুকলি কৰে ৷ যাৰ লগে লগে দেশৰ ভিতৰতে সৌৰশক্তি চালিত প্ৰথমটো সচিবালয় হিচাপে জনতা ভৱনৰ নাম লিপিবদ্ধ হয় ৷ যাৰ বাবে জনতা ভৱনৰ মাহিলী বিদ্যুৎ ব্যয় ৩০ লাখ টকাকৈ ৰাহি হোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: এতিয়াৰে পৰা মুখ্যমন্ত্রী, মন্ত্রী-আমোলাই বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল - Electricity bill Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.