স্মাৰ্ট মিটাৰক লৈ উদ্ভট যুক্তি মন্ত্ৰী যোগেন মহনৰ - Smart Meter - SMART METER

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 6:56 AM IST

মৰাণ, ৩ ছেপ্টেম্বৰ : দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্য়াহত থকাৰ মাজতেই একেখন ৰেকৰ্ডেই বজালে কেবিনেট মন্ত্ৰী যোগেন মহনে । মন্ত্ৰীগৰাকীয়ে স্মাৰ্ট মিটাৰৰ ব্য়হাৰৰ প্ৰসংগত ৰাইজৰ ওপৰতেই আওপটীয়াকৈ দোষ জাপি দিলে । ৰাইজে হেনো বিদ্য়ুৎ বেছিকৈ ব্য়ৱহাৰ কৰা বাবেহে বিল বেছিকৈ আহিছে । ৰাইজে স্মাৰ্ট মিটাৰ বেয়া বুলি ক'লেও মানি নলয় মন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে মৰাণত মন্ত্ৰীগৰাকীয়ে উদ্ভট যুক্তি আগবঢ়ায় কয়, "পূৰ্বৰ তুলনাত কাৰেন্টৰ ব্যৱহাৰ বেছি হোৱা বাবেই স্মাৰ্ট মিটাৰত বিল বেছি আহিছে ৷ স্মাৰ্ট মিটাৰ আৰু পূৰ্বৰ সাধাৰণ মিটাৰৰ মাজত পাৰ্থক্য নাই ৷ এই লৈ কাৰোবাৰ সন্দেহ থাকিলে দুয়োটা মিটাৰৰ বিল তুলনা কৰি চাব পাৰে ৷"

মন্ত্ৰীগৰাকীয়ে স্মাৰ্ট মিটাৰ আৰু পূৰ্বৰ সাধাৰণ মিটাৰৰ মাজত পাৰ্থক্য নিৰূপণ কৰিবলৈ প্ৰমাণ দাঙি ধৰাৰ উদ্দেশ্য়েই বিধায়ক অখিল গগৈৰ ঘৰতো স্মাৰ্ট মিটাৰ সংস্থাপিত কৰা বুলি কয় ।

লগতে পঢ়ক:স্মাৰ্ট মিটাৰৰ বিষয়টো ওৰ পেলাবলৈ বিজেপি চৰকাৰে তিনিটা 'ম' সংযোগ কৰিছে: কৃষক মুক্তি - protest against smart meter

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ - AASU protest against smart meter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.