ৰাজপথতেই খঙত অগ্নিশৰ্মা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:47 PM IST

thumbnail

গুৱাহাটী, ৫ মাৰ্চ : ৰাজপথতেই এইবাৰ খঙত অগ্নিশৰ্মা হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । অন কেমেৰাত ফোন যোগে ধমক দিলে আৰক্ষী বিষয়াক । বিষয় গুৱাহাটী মহানগৰীৰ তীব্ৰ যানজঁট । উল্লেখ্য যে, মঙলবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে উভতি আহোঁতে বেলতলা তিনিআলিত তীব্ৰ যানজঁটৰ সন্মুখীন হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বাহন ।

তাৰ পিচতে সেই স্থানৰ যান-বাহন শাখাৰ এজন কনিষ্টবলক মাতি আনি কৰ্মৰ গাফিলতিৰ বাবে ধমক দিয়ে মন্ত্ৰী গৰাকীয়ে । কনিষ্টবল জগদীশ পাঠকৰ লগতে যান-বাহন আৰক্ষী শাখাত কৰ্মৰত আন এজন জোৱানক ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে । সন্ধিয়া তীব্ৰ যানজঁটৰ সময়তেই কৰ্মত গাফিলতি কৰি পথৰ দাঁতিত থকা বিপণীত বহি আছিল দুই আৰক্ষীৰ লোক ।

এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে মহানগৰ আৰক্ষী আয়ুক্ত আৰু বশিষ্ঠ আৰক্ষী থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো ৰাইজে সন্মুখীন হোৱা হাৰাশাস্তিৰ বিষয়ে ফোন যোগে অৱগত কৰে  । উল্লেখ্য যে, মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে CCTV সংলগ্ন ট্ৰেফিক চিগনেল বহুৱাইছিল যদিও স্বয়ং মন্ত্ৰীয়ে যানজঁট সন্দৰ্ভত বিষয়াক ধমক দিয়াৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে সচেতন মহলত ।

লগতে পঢ়ক : 326 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এম জি ৰোডৰ বিকল্প পথ মুকলি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.