বাঘে আতংকৰ সৃষ্টি কৰা ধিঙৰ আঠগাঁৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Tiger Terror - TIGER TERROR
🎬 Watch Now: Feature Video
Published : Jul 19, 2024, 7:04 PM IST
ধিং, 19 জুলাই : ঢেকীয়াপতিয়া বাঘৰ বাবেই তীব্ৰ আতংকৰ মাজত দিন অতিবাহিত নগাঁৱৰ ধিং আঠগাঁৱত শুকুৰবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰে ধিঙৰ আঠগাঁৱত উপস্থিত হৈ আতংকিত গঞাক আশ্বস্ত কৰাৰ চেষ্টা কৰে মন্ত্ৰীজনে৷ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ শুকুৰবাৰে বিয়লি ধিঙৰ আঠগাঁৱত উপস্থিত হৈ বাঘটোৱে আশ্ৰয় লৈ থকা জংঘলতো উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷
বাঘে আতংকৰ সৃষ্টি কৰা ধিঙৰ আঠগাঁৱত উপস্থিত হৈ বন বিভাগৰ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাঘটোৰ কোনো ক্ষয়-ক্ষতি নোহোৱাৰ লগতে কোনো লোকৰো যাতে কোনো অনিষ্ট সাধন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে বাঘৰ আতংকৰ পৰা স্থানীয় লোকক মুক্ত কৰাৰ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ লগতে বন বিভাগে গ্ৰহণ কৰা সকলো ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰি প্ৰয়োজনত বন বিভাগক অতিৰিক্ত সা-সুবিধা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মাৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়া, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ বহুকেইগৰাকী ৷
লগতে পঢ়ক : নগাঁৱত বনৰজাৰ আতংক : বাঘ খেদাত দুসপ্তাহেও ব্যৰ্থ কিয় বন বিভাগ ? - Assam Flood 2024