অখিল গগৈয়ে নিজৰ লগত থকা সকলক এজন এজনকৈ শেষ কৰি যায়: জয়ন্ত মল্লবৰুৱা - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024
🎬 Watch Now: Feature Video
Published : Apr 6, 2024, 11:03 PM IST
ধেমাজি, ৬ এপ্ৰিল: লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ধেমাজিত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ আজি কেবিনেট মন্ত্ৰীগৰাকীয়ে এখন দলীয় প্ৰচাৰ সভাত অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ একত্ৰিকৰণৰ সম্পৰ্কত অখিল গগৈক তীব্ৰ সমালোচনা কৰে । তেওঁ দুয়োটা দলকে কটাক্ষ কৰি কয়,"শূন্য + শূন্য সদায় শূন্যই হ'ব ।" অখিল গগৈয়ে নিজৰ লগত থকা সকলক এজন এজনকৈ শেষ কৰি যায় বুলিও তেওঁ মন্তব্য় কৰে ।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়,"এইবাৰো অখিলে শেষ কৰিলে দুই গগৈক।" আনহাতে, অসম প্ৰদেশ কংগ্ৰেছে কমিটীৰ সভাপতি ভূপেন বৰাকো কঠোৰ সমালোচনা কৰি তেওঁ কয়," ভূপেন বৰাই এতিয়া চান্দা বৰঙণি তুলি নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিছে । টনকীয়াল হ'লেই বিজেপিত যোগদান কৰিব, সেইটো নিশ্চিত ৷" ইপিনে,মন্ত্ৰীগৰাকীয়ে ভাষণ দি থকা সময়তে অহা প্ৰচণ্ড বৰষুণে সভাখনত বিধি পথানি দিয়ে যদিও সমৰ্থকসকলে মূৰৰ ওপৰত দাঙি লয় চকী ৷
লগতে পঢ়ক:কংগ্রেছত টকা উঠোৱা হ'লেই বিজেপিলৈ আহিব ভূপেন বৰা: জয়ন্ত মল্লবৰুৱা - Lok Sabha Elections 2024