চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Assam govt Art and craft college

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 8:14 PM IST

thumbnail
চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : হীৰক জয়ন্তী বৰ্ষ গৰকি যোৱা তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা পৰিচালিত অসমৰ একমাত্ৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত অচলাৱস্থা । মহানগৰীৰ বশিষ্ঠস্থিত মহাবিদ্যালয়খনত দীৰ্ঘদিন ধৰি আন্তঃগাঁথনিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাই আহিছে । কিন্তু কৰ্তৃপক্ষ তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগে ইয়াক আওকাণ কৰি অহাত সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

শিক্ষা আন্তঃগাঁথনি উন্নয়নৰ দাবীত মহাবিদ্যালয়খনত তলা লগাই ৰাজপথলৈ ওলাই আহে ছাত্ৰ সমাজ । উল্লেখ্য যে মহাবিদ্যালয়খনত বছৰ বছৰ ধৰি খালী হৈ আছে বিভিন্ন বিভাগৰ শিক্ষক পদ । লগতে চৰকাৰৰ মনোযোগিতাৰ অভাৱত দিনক দিনে জহি-খহি গৈছে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি ।

সেয়ে খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ সমান্তৰালকৈ আন্তঃগাঁথনি নিৰ্মাণৰ দাবীত হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে । লগতে দাবীসমূহ পূৰণ নকৰালৈকে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে ।

ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদৰ হঠাতে সন্মুখীন হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । উল্লেখ্য যে আজিৰে পৰা খানাপাৰাত ৰুদ্ৰযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা আৰম্ভ হৈছে । ১৬ ছেপ্টেম্বৰলৈকে চলিবলগা এই যজ্ঞৰ প্ৰথম কাৰ্যসূচী হিচাপে কলহ যাত্ৰাৰে জল আহৰণ কৰিবলৈ আহিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । তেনে সময়তে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

লগতে পঢ়ক :চুমী বৰাক গ্ৰেপ্তাৰৰ বাবে বহিঃৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে - Online Trading Scam
লগতে পঢ়ক :প্ৰায় ১৩ লাখ সদস্যভৰ্তি, দেশৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত অসম : মুখ্যমন্ত্ৰী - BJP Memberships Drive

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.