thumbnail

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 9:39 PM IST

ETV Bharat / Videos

ঔষধৰ দামবৃদ্ধিৰ পৰা কিদৰে পাব সকাহ? উপায় দিলে জয়ন্ত মল্লবৰুৱাই - Medicine price hike

দৰং, 31 মাৰ্চ: এক এপ্ৰিলৰ পৰা বৃদ্ধি পাব প্ৰায় আঠশবিধ ঔষধৰ দাম ৷ ইয়াৰ ফলত সাধাৰণ ৰাইজৰ বাবে হ’বপৰা সমস্যাৰ সমাধান দিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ বাবে কেতিয়াবা বস্তুৰ দাম বঢ়া-টুটা হয় ৷ সাধাৰণ ৰাইজক জেনেৰিক মেডিচিন ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰেণ্ডেড মেডিচিনৰ দাম বাঢ়িবই ৷

ইফালে জয়ন্ত মল্লবৰুৱাই আশা কৰে যে মাধৱ ৰাজবংশীয়েও কম দিনৰ ভিতৰতে বিজেপিত কৰক ৷ যিহেতু মাধৱ ৰাজবংশীৰ পিচফালে এতিয়া কোনো নাই বুলি মন্তব্য কৰি মন্ত্ৰী মল্লবৰুৱাই কয় যে বিজেপিত যোগদান কৰিলে দৰং-ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ভাল মৰ্যাদা দি কাম কৰাৰ সুবিধা দিয়া হ’ব ৷  

দৰং বিজেপি কাৰ্যালয়ত এক যোগদান সভাত অংশগ্ৰহণ কৰি দেওবাৰে জয়ন্ত মল্লবৰুৱাই কয় যে বদৰুদ্দিন আজমলে যদি বিয়া পাতিব বিচাৰিছে, তেন্তে নিৰ্বাচনৰ ভিতৰতেই পাতি লওক ৷ কাৰণ নিৰ্বাচনৰ পিচতেই বহু বিবাহৰ আইন অনা হ’ব ৷ 

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীয়ে মেচ ফিক্সিং কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.