thumbnail

যোৰহাটত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 9:56 PM IST

যোৰহাট,৬ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে কালৰূপ ধাৰণ কৰিছে । বাঢ়নী পানীয়ে যোৰহাট জিলাৰো বহু অঞ্চল বুৰাই পেলাইছে । ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াই যোৰহাট জিলাত থকা ব্ৰহ্মপুত্ৰ নৈৰ মথাউৰি পৰিদৰ্শন কৰে আৰু খহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ আন এক ৰক্ষাকৱচ সদৃশ ৮ নং শৈলস্পাৰ বান্ধটোৰ পুনৰ মেৰামতিৰ কামৰ বুজ লোৱাৰ লগতে যিমান সম্ভৱ সোনকালে কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

তেওঁ উল্লেখ কৰা মতে ৮ নং শৈলস্পাৰটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে ইয়াৰ দুৰ্বল অংশ মেৰামতিৰ বাবে প্ৰথম অৱস্থাত কষ্ট হৈছিল যদিও সেই সমস্যা এতিয়া নাই । অঞ্চলটোৰ ৰাইজে এইক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলিও তেওঁ আশাবাদী । মন্ত্ৰীগৰাকীয়ে বানপানী সন্দৰ্ভত এক অদ্ভুত যুক্তি দিয়াও দেখা যায় । তেওঁ দাবী কৰা মতে এইবাৰ নদী আৰু মথাউৰিৰ মাজত বাস কৰা লোকসকলহে বানৰ ফলত প্ৰভাৱিত হৈছে । তেওঁৰ মতে এইবাৰ মথাউৰি তিনি বা চাৰিটা স্থানত হে ছিগিছে । ২০১৭ চনত মাজুলীত ১৭ টা স্থানতে মথাউৰি ছিগিছিল ।

লগতে পঢ়ক :বানাক্ৰান্তৰ খবৰ লৈ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্য়মন্ত্ৰীক : চৰকাৰে দুৰ্নীতি-ছিণ্ডিকেট চলাইছে - MP Gaurav Gogoi in Charaideo

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.