নিৰ্বাচন প্ৰায় শেষ, এতিয়া খেতিত লগাৰ সময় - Minister Atul Bora on paddy field - MINISTER ATUL BORA ON PADDY FIELD

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 7:06 PM IST

Updated : Jun 2, 2024, 11:00 PM IST

গোলাঘাট, ২ জুন: এদিনৰ বাবে ৰাজনীতিক একাষৰীয়া কৰি খেতিপথাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা । কৰ্মব্য়স্ততাৰ মাজতো পাহৰা নাই আপোন খেতিপথাৰখন । সেয়েহে দেওবাৰে পাৱাৰ টিলাৰ লৈ মাটি চহোৱাত ব্য়স্ত হৈ পৰিল কৃষিমন্ত্ৰীগৰাকী । তেওঁ দেওবাৰে গোলাঘাটৰ বৰাহী গাঁৱত নিজৰ ঘৰৰ খেতিপথাৰত ব্যস্ত হয় । এসময়ৰ অসম আন্দোলনৰ নেতা তথা মন্ত্ৰীগৰাকীয়ে অক্লান্তভাৱে ঘন্টাৰ পিছত ঘন্টাজুৰি চহালে পথাৰখন ৷ আঘোণত নিজৰ পথাৰখনৰ পৰা সোণগুটি চপোৱাৰ প্ৰস্তুতিপৰ্ব আজিৰে পৰা আৰম্ভ কৰিলে কৃষিমন্ত্ৰীগৰাকীয়ে ৷  

এইদৰে কৃষিভূমিত ব্য়স্ত হোৱাৰ মাজতেই কৃষিমন্ত্ৰীগৰাকীয়ে ক'লে,"বোকা-পানীৰে ভৰি থকা পথাৰখন কষ্ট কৰি চহাই ভালদৰে কৃষিকৰ্মত মনোনিৱেশ কৰিলেহে অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব ৷ লগতে মুঠি মুঠি সোণগুটিৰে ভৰি পৰিব কৃষকৰ ভঁৰাল ৷" 

লগতে পঢ়ক: মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতৰ ১৩৮৬ শিক্ষাৰ্থীক অভিনন্দন - HSLC And HS Exams 2024

লগতে পঢ়ক: বোকাখাতৰ কৃষকৰ মুখত হাঁহি : ৬ কোটিৰ ৰঙালাও খাব দেশবাসীয়ে - Pumkin Export From Bokakhat

 
Last Updated : Jun 2, 2024, 11:00 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.