খাচী দুৰ্বৃত্তই ভাঙিলে অসমৰ ঘৰ : অসম-মেঘালয় সীমান্ত তীব্ৰ উত্তেজনা - Assam Meghalaya Border Dispute

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:52 PM IST

thumbnail
খাচী দুৰ্বৃত্তই ভাঙিলে অসমৰ ঘৰ (ETV Bharat Assam)

গুৱাহাটী, ২ আগষ্ট : অসম-মেঘালয়ৰ সীমা বিবাদক লৈ ইতিমধ্যে কেন্দ্ৰই কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে কেবাটাও বিবদমান এলেকাৰ মীমাংসা কৰা হৈছে ৷ তথাপি এতিয়াও কেবাটাও অঞ্চলক লৈ চলি আছে বিবাদ ।

তাৰ মাজতে শুকুৰবাৰে মহানগৰীৰ বশিষ্ঠত পুনৰ অসম-মেঘালয় সীমান্তক লৈ বিবাদৰ সৃষ্টি হয় ৷ অসম-মেঘালয় সীমান্তৱৰ্তী বশিষ্ঠৰ বৰপথাৰত এই উত্তেজনাৰ সৃষ্টি হয় । অসম আৰু মেঘালয়ৰ লোকৰ মাজত সৃষ্টি হয় বিবাদৰ ।

ঘটনা অনুসৰি অসমৰ ভূমিত থকা লোকৰ বাসগৃহত প্ৰথমে খাচী দুৰ্বৃত্তই আক্ৰমণ কৰে । তদুপৰি মেঘালয়ৰ খাচী দুৰ্বৃত্তই ভাঙি পেলাই বৰপথাৰৰ বাসিন্দাৰ দুটাকৈ ঘৰ । ইয়াৰোপৰি অসমৰ ভূমিত থকা কেবাটাও বাসগৃহ খালী কৰিবলৈ দাবী-ধমকিও দলটোৱে প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰ লগে লগে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ তাৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় বশিষ্ঠ আৰক্ষী থানাৰ এটা বৃহৎ দল । সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : অসমৰ ট্যুৰিষ্ট টেক্সীক মেঘালয়ত প্ৰৱেশত বাধা, মেঘালয় পৰ্যটন উদ্যোগলৈ ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.