ধুবুৰীৰ দুমৰদহ তৃতীয় খণ্ড গাঁৱত চাঞ্চল্য : ভিনিহিয়েকৰ অত্যাচাৰত খুলশালীয়েকৰ চৰম পন্থা গ্ৰহণ - Suicide Case in Dhubri

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:49 PM IST

thumbnail
ধুবুৰীৰ দুমৰদহ তৃতীয় খণ্ড গাঁৱত চাঞ্চল্য (ETV Bharat Assam)

ধুবুৰী, 24 জুলাই : ধুবুৰী জিলাৰ দুমৰদহ তৃতীয় খণ্ড গাঁৱত আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ অনুসৰি ভিনিহিয়েকৰ অত্যাচাৰত আত্মহত্যা খুলশালীৰ ৷ স্থানীয ৰাইজ তথা পৰিয়ালৰ অভিযোগ অনুসৰি CISF ৰ জোৱান জয়দেব ৰায়ৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্তৰ পথ বাচি লয় মুন ৰয় নামৰ যুৱকজনে ৷ সম্বন্ধত দুয়োজন ভিনিহিয়েক-খুলশালীয়েক ৷

অভিযোগ অনুসৰি জয়দেব ৰায়ে শহুৰৰ ঘৰত আহি খুলশালী মুন ৰয়ৰ লগতে পত্নীক বাসগৃহৰ পৰা মাৰপিট কৰি বাহিৰ কৰি দিয়াৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷ 8 মহীয়া এটি পুত্ৰ সন্তানৰ পিতৃৰ মুন ৰয়ৰ এই আত্মহত্যাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  

মুন ৰায় আৰু তেওঁৰ পত্নীক শাৰীৰিক আৰু মানসিকভাবে অত্যাচাৰত কৰাত তেওঁৰ পিতৃ হৰেকৃষ্ণ ৰায়ৰ লগতে কন্যা আৰু জোঁৱাই জয়দেব ৰয় জৰিত আছে বুলি অভিযোগ গাঁওবাসীৰ ৷ হৰেকৃষ্ণ ৰায়ৰ পুত্ৰ মুন ৰয় (24) ধুবুৰী চিকিৎসালয়ত নিৰাপত্তা কৰ্মী হিচাবে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰে ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক : ডুমডুমাত নিশা উত্তপ্ত পৰিস্থিতি, চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল চামডাং চাহ বাগিচা - TEA WORKERS DIES

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.