বানপীড়িতক মৰাণহাট প্ৰেছ ক্লাৱৰ সাহাৰ্য - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:30 PM IST

thumbnail
মৰাণহাট প্ৰেছ ক্লাৱ (ETV BHARAT ASSAM)

মৰাণ, ৯ জুলাই : বিগত এসপ্তাহে বানত বুৰ গৈ থকা ডিব্ৰুগড়ৰ খোৱাং কোটোহাৰ ভগামূৰ ব্লক গাঁৱত বানপীড়িতৰ কাষত মঙলবাৰে উপস্থিত হয় মৰাণহাট প্ৰেছ ক্লাৱৰ সদস্যসকল । আৰ্তজনক বান সাহাৰ্য বিতৰণ কৰে মৰাণহাট প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তাসকলে । মৰাণহাট প্ৰেছ কাৱৰ সৈতে সহযোগ কৰে আহোম জাতীয় গণমঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । খোৱাপানীকে ধৰি প্ৰয়োজনীয় বহু সামগ্ৰী বানাক্ৰান্ত সকলক বিতৰণ কৰা হয় ।  

জিলা প্ৰশাসনে কোনো ধৰণৰ সহায় আগনবঢ়োৱা গাঁওখনত প্ৰেছ ক্লাৱে সাহাৰ্য বিতৰণ কৰাত বানাক্ৰান্ত সকলে প্ৰেছ ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে । এই বান সাহাৰ্য বিতৰণস্থলীত মৰাণহাট প্ৰেছ ক্লাৱৰ সম্পাদক অৰুণ নাগ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক বিশ্বজিত লাহন, আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নেতা অকণ ভূঞা আৰু প্ৰেছ ক্লাৱৰ সদস্যসকল উপস্থিত থাকে । 

উল্লেখ্য যে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাসৰ পাচতো ডিব্ৰুগড় জিলাৰ কোটোহা ভগামূৰত বানাক্ৰান্তই খাদ্য সামগ্ৰী বিচাৰি হাহাকাৰ কৰিবলগা পৰিৱেশৰ সৃষ্টি হৈছে । খোৱাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অধীনৰ ১ নং ভগামূৰ ব্লক গাঁৱত বানত ঘৰ-দুৱাৰ ডুবি আছে । বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো ৰিংবান্ধ ছিঙি পেলোৱাৰ ফলত পথ-পথাৰ একাকাৰ হৈছে । 

লগতে পঢ়ক:যুৱকৰ মহানুভৱতা : বন্যাৰ্তৰ সুবিধাৰ্থে আশ্ৰয় শিবিৰত ফেনৰ যোগান - Assam Flood 2024

মন্দিৰৰ জমা ধনেৰে বানাক্ৰান্তক প্ৰদান কৰিলে সাহাৰ্য - Assam Flood 2024

বন্য়াৰ্তক দুপৰীয়াৰ সাঁজ ৰান্ধি খুৱালে যুৱকে - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.